বিশাখাপট্টনমত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু এটি শিশুসহ ৪গৰাকী ব্যক্তিৰ । শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছে বাছ দুৰ্ঘটনাটো । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ২২ গৰাকী লোকৰ । আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজনক । এখন যাত্ৰীবাহী বাছ আৰাকো ভেলী পথত বাগৰি পৰাৰ পিছতে সংঘটিত হয় দুৰ্ঘটনাটো । জানিব পৰা অনুসৰি, ২৬ গৰাকী পৰ্যটক লৈ তেলেংগনাৰ পৰা আহিছিল বাছখন । আৰাকো ভেলীৰ পৰা বিশাখাপট্টনমলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে আহতসকলক ।
