ভয়ংকৰ দুৰ্ঘটনা! দাৰ্জিলিঙত দ খাৱৈত বাগৰি পৰিল বাহন, ৩ জনৰ মৃত্যু

207

সোমবাৰে বিয়লি দাৰ্জিলিঙৰ কাৰ্ছিয়াঙত পাহাৰীয়া পথেৰে যাত্ৰা কৰাৰ সময়তে এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত ৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত কাৰ্ছিয়াঙৰ ছেপাইধুৰা অঞ্চলত শিলিগুৰিৰ পৰা দাৰ্জিলিংলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত চালকসহ ৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত ৩ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে।

ইফালে ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি কাৰ্ছিয়াং হাস্পতালত ভৰ্তি কৰোৱায়।

নিহত তিনিওজনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই যদিও তেওঁলোক দাৰ্জিলিং আৰু কালিমপঙৰ বাসিন্দা বুলি জানিব পৰা গৈছে।