ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৯, আহত ২৫ জন

58

ডিজিটেল ডেস্ক: বুধবাৰে উত্তৰ প্ৰদেশৰ ধনাৰী থানা ক্ষেত্ৰৰ ৫০৯ ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ৭জনকৈ লোকে। বাছ আৰু টেংকাৰৰ মাজত সংঘটিত এই দুৰ্ঘটনাত কমেও ২৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ঘন কুঁৱলীৰ বাবেই পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত সকলক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।