ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ সদস্যসহ ৬ জনৰ মৃত্যু

220

দেওবাৰে পুৱা মহাৰাষ্ট্ৰ বীড জিলাত এখন ট্ৰাক আৰু ছুইফ্ট বাহনৰ মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু ঘটে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বীড জিলাৰ মাঞ্জাৰসুম্বা-পাটোডা ঘাইপথত দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাথমিক তথ্য অনুসৰি কেজ তেহচিলৰ জিৱাচিৱাদী গাঁৱৰ এটা পৰিয়ালে গাড়ীত পুনেলৈ গৈ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত তেওঁলোকৰ বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। নিহত সকলৰ ৫ জন একেটা পৰিয়ালৰ সদস্য বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আৰু কয় যে দুয়োখন বাহন পৃথক কৰিবলৈ ক্ৰেন ব্যৱহাৰ কৰিবলগীয়া হৈছিল। মৃতকক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি আৰক্ষীয়ে লগতে কয়।