ভয়ংকৰ অগ্নিকাণ্ডত দুই সন্তানসহ মৃত্যু চিকিৎসকৰ

206

দেওবাৰে পুৱাৰ ভাগত অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ ৰেনিগুন্টাস্থিত নৱনিৰ্মিত কাৰ্তিকেয় হাস্পতালত সংঘটিত হোৱা ব্যাপক অগ্নিকাণ্ডত দুই শিশুসহ এজন চিকিৎসকৰ মৃত্যু হয়। তথ্য প্ৰদান কৰি আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজন হৈছে চিকিৎসক ডা০ ৰবিশংকৰ ৰেড্ডী আৰু তেওঁৰ দুই সন্তান সিদ্ধাৰ্থ ৰেড্ডী (১২) আৰু কাৰ্তিকা (৬)।

ইফালে অগ্নিকাণ্ডত আহত হয় ৰবিশংকৰ ৰেড্ডীৰ পত্নী ডাঃ অনন্তলক্ষ্মী। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ মতে, বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হৈছে এই ঘটনা। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।