ভ্ৰাম্যমান জগতৰ প্ৰথম অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ দেহাৱসান

1688

ভ্ৰাম্যমাণ থিয়েটাৰৰ প্রথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য্যৰ পৰলোকপ্ৰাপ্তি শোকস্তব্ধ সংস্কৃতিপ্ৰেমীক।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেওবাৰে বিয়লি ৫.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেত্ৰী গৰাকীয়ে। উল্লেখ্য যে ক’ৰনাত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছিল।

উল্লেখ্য যে ১৯৬৩চনৰ ২অক্টোবৰত অচ্যুত লহকৰে জন্ম দিয়া প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল নটৰাজ থিয়েটাৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।সেই সময়ত তেওঁক মাহে দুহেজাৰ টকাকৈ দিয়া হৈছিল।

১১বছৰ বয়সতে শিৱসাগৰত মঞ্চ নাটক অভিনয় কৰা প্ৰয়াত ভট্টাচাৰ্যক শনিবাৰে নিশা জিএমচিএইচৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

১৯২৮চনৰ ১৯আগষ্টত শিৱসাগৰৰ বেজবৰুৱা পৰিয়ালত জন্ম হৈছিল।১৬বছৰ বয়সত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিৰাজ বোলছবিত অভিনয় কৰিছিল।

আনহাতে ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।