ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ

181

গুৱাহাটীঃ কোভিড-১৯ মহামাৰীৰ ফলত হোৱা আৰ্থিক দুৰ্দশাৰ পৰা সকাহ দিবলৈ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহক সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ খন ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকক আনুষ্ঠানিকভাৱে ১০ লাখ টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰে। সোমবাৰে গুৱাহাটীৰ কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক কাৰ্যসূচীত প্ৰযোজকসকলক প্ৰদান কৰা হয় এই সাহায্য।

মুখ্যমন্ত্ৰীয়ে কহিনুৰ, বৰদৈচিলা, আবাহান, সুদৰ্শন, সূৰ্য্য, ইতিহাস, ৰাজতিলক, নটসূৰ্য, ভাগ্যদেৱী, প্ৰাগজ্যোতিষ, সুৰুজ, নয়নতৰা, মাতৃভূমি, বিনাপানী, বৃন্দাবন, হেঙুল আৰু চিৰঞ্জীৱ থিয়েটাৰৰ প্ৰযোজকসকলক এই আৰ্থিক সাহায্য প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ভ্ৰাম্যমাণ থিয়েটাৰ ৰাজ্যখনৰ এক সমৃদ্ধ ঐতিহ্য আৰু ই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি আহিছে। তেওঁ কয় যে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগক জীয়াই ৰাখিবলৈ চৰকাৰ আৰু থিয়েটাৰ গোটসমূহৰ দ্বাৰা যৌথ প্ৰচেষ্টা লোৱাৰ প্ৰয়োজন আছে।

মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা দুবছৰত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহ কোভিড-১৯ মহামাৰীৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কিয়নো ৰাজ্যখনত এই সময়ছোৱাত কোনো নাটক পৰিৱেশন কৰিব পৰা নগ’ল। ফলস্বৰূপে ভ্ৰাম্যমাণ থিয়েটাৰ গোটৰ প্ৰযোজকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হবলগা হৈছে আৰু উদ্যোগটোৰ সৈতে জড়িত লোকসকলো প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে।

অৱশ্যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰ সমূহক কোভিড-৯ প্ৰটকল বজাই ৰাখি নাটক মঞ্চস্থ কৰিবলৈ অনুমতি দিছে আৰু ইতিমধ্যে কেইবাটাও গোটে প্ৰদৰ্শন আৰম্ভ কৰিছে। ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ২০২০-২১ বৰ্ষত ৰাজ্য চৰকাৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সন্মান ৰখাৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ গোটৰ ৯৭৪ জন শিল্পীক ৫০,০০০ টকাৰ আৰ্থিক সাহায্যও আগবঢ়াইছে।