ৰাজ্যত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিছে প্ৰতিটো সমষ্টিৰ ভোটাৰ সকলে। নিৰ্বাচনৰ এই গৰম বতাহৰ মাজতে ভোটকেন্দ্ৰৰ সন্মুখতে বিজেপি কৰ্মীয়ে টিনপাত বিলোৱাৰ অভিযোগ উত্থাপন হৈছে হাফলঙৰ নব্লাইদিছা গাঁৱত। গাঁৱৰে এজন লোকৰ কেমেৰাত বন্দী হয় জাপে জাপে টিনপাত গোটাই থোৱা এই দৃশ্য।
