ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু…

68

ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু।

বাৰানসীৰ সাৰনাথ অঞ্চলৰ এখন হোটেলৰ কোঠাত আত্মহনন অভিনেত্ৰীগৰাকীৰ।

খবৰ অনুসৰি, এখন ছবিৰ শ্বুটিঙৰ বাবে বাৰাণসীত আছিল আকাংক্ষা ডুবে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰিয়ালক অৱগত কৰিছে।

১৯৯৭ চনৰ ২১ অক্টোবৰত জন্মগ্ৰহণ কৰা আকাংক্ষাই টিকটক আৰু ইনষ্টাগ্ৰামত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

তেওঁৰ অভিনয় আৰু নৃত্যৰ ভিডিঅ’সমূহ তেওঁৰ অনুৰাগীৰ মাজত হিট হৈছিল।

মৃত্যুৰ এদিন পূৰ্বে শনিবাৰে আকাংক্ষাই ইনষ্টাগ্ৰামত এটা ৰীল শ্বেয়াৰ কৰিছিল। পৱন সিঙৰ সৈতে তেওঁৰ শেষৰটো গীত আছিল ‘আৰা কভি হাৰা নাই’।