ভেটাপাৰৰ বিষ্ণু মন্দিৰত চোৰৰ লুটপাত

334

গুৱাহাটীৰ ভেটাপাৰাৰ গোপাল পথৰ বিষ্ণু মন্দিৰত সংঘটিত চুৰিককাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। মন্দিৰৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰা চোৰে নিশা লুটি লৈ যায় দানপাত্ৰৰ ধন, সোণ–ৰূপৰ অলংকাৰ, তাল দুযোৰ এপাট আৰু পাঁচটা গছা।

মন্দিৰৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাত। চোৰে মন্দিৰটোত থকা আলমিৰাৰ নথি–পত্ৰ আদিও লণ্ডভণ্ড কৰে। আলমিৰাত নগদ ধনৰ লগতে কাঁহ–পিতলৰ বাচন–বৰ্তন আছিল।