ডিব্ৰুগড়ৰ জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত নকাৰী ভেকুলাজান গাওঁ পঞ্চায়তৰ টিংৰাই হুলা ৱাৰ্ডত পুখুৰী খন্দাৰ নামত ভু মাফিয়াৰ দপদপনি।টেঙাখাত ৰাজহ চক্ৰ অধীনৰ ন’কাৰী ভেকুলাজান গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত টিংৰাই হুলা ৱাৰ্ডত এতিয়া পুখুৰী খন্দাৰ নামত চলিচে ভু মাফিয়াৰ দপ দপনি।
উল্লেখযোগ্য যে জনৈক দাস উপাধি ধাৰি এজন যুৱকে লাভ কৰিছিল অমৃত সৰোবৰ পুখুৰী খন্দাৰ থিকা।
অমৃতসৰোৱৰ পুখুৰী খন্দাৰ নামত চলিছে এতিয়া মাফিয়াৰাজ।কোন এই জনৈক দাস ?
তেওঁৰ এনে কি আছে যে চৰকাৰী নিয়ম ভৰিৰে মুহাৰী ডাম্পাৰে ডাম্পাৰে মাটি বিক্ৰী কৰিব পাৰে ইটাভাতাত ?
এই দৃশ্যতোলৈ মন কৰক কেনেকৈ অমৃত সৰোবৰ আছনিৰে খন্দা পুখুৰীৰ মাটি লৈ জোৱা হৈছে টিংৰাই চাৰিআলি স্হিত অগ্নিভাটাতলৈ।কান সাৰ নাই বন বিভাগ’খন্দ উন্নয়ন বিষয়া ‘কিম্বা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ।
কাৰ ছত্ৰ চায়াঁত দাসে এনেদৰে চলাই গৈছে অবৈধ মাতিৰ বেহা? আছে নেকি কোনো বিধায়ক মন্ত্ৰীৰ হাত ?জাৰ কাৰণে নিৰবতা অবলম্বন কৰিছে প্ৰশাসনে।লৱ পাৰিবনে এই দাসৰ উপৰত তৎকালীন ভাবে ব্যৱস্থা প্ৰশাসনে ? ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লৈ আহিম বিতংভাবে আৰু বহু ন ন তথ্য।
