ভূৱনেশ্বৰত “ভাৰত ৰঙ্গ মহোৎসৱ-২০২২”ত মঞ্চস্থ হ’ব অসমীয়া নাট “ফুলগুৰি ধেৱা”

156

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা ”আজাদী কা অমৃত মহোৎসৱ”ৰ সহযোগত ২২ সংখ্যক “ভাৰত ৰঙ্গ মহোৎসৱ”টিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ হোৱা উপলক্ষে ভাৰত চৰকাৰৰ এই ”আজাদী কা অমৃত মহোৎসৱ”ৰ আয়োজন।

প্ৰতি বছৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ “ভাৰত ৰঙ্গ মহোৎসৱ” শীৰ্ষক নামেৰে অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত ”আজাদী কা অমৃত মহোৎসৱ”ৰ সহযোগত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰিছে এই সমাৰোহ। এই নাট মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ নগাঁও জিলাৰ পুৰণিগুদামৰ ”অবিনশ্বৰ গোষ্ঠী”ক বাচনিভুক্ত হৈছে।

সেই উপলক্ষে উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত KIIT অ’ডিট’ৰিয়ামত অহা ২৪জুলাই, ৰবিবাৰে “অবিনশ্বৰ গোষ্ঠী”য়ে পৰিবেশন কৰিব নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ বিৰচিত ”ফুলগুৰি ধেৱা”নামৰ মঞ্চ নাটখনি। নাটখনিৰ পৰিকল্পনা আৰু পৰিচালনা সুদক্ষ নাট্যশিল্পী দীপক বৰাৰ।

সন্ধিয়া ৬.৩০ বজাৰ পৰা মঞ্চস্থ হ’বলগীয়া নাটক উপভোগ কৰিবলৈ স্থানীয় দৰ্শকবৃন্দৰ লগতে কৰ্মসূত্ৰে ভূৱনেশ্বৰস্থিত অসমৰ দৰ্শকৰো উপস্থিতি অবিনশ্বৰ গোষ্ঠীৰ তৰফৰ পৰা কামনা কৰিছে। উল্লেখ্য যে নাট মঞ্চস্থ কৰিবলৈ “অবিনশ্বৰ গোষ্ঠী”ৰ নাট্য দলটিয়ে কালি ভূবনেশ্বৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।