ষ্টাফ ৰিপৰ্টাৰ: গুৱাহাটী মহানগৰীত দিনকদিনে বাঢি অহা কৰ’নাতংকৰ মাজতে আন এক সমস্যাই মহানগৰীৰ নতুন শৰণীয়াবাসীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ বিগত কেইদিনত হোৱা নেৰানেপেৰা বৰষুণত গান্ধীবস্তিৰ নতুন শৰণীয়া মডেল পাব্লিক স্কুলৰ সমীপৰ শৰণীয়া পাহাৰত হোৱা ভূমিস্খলনে পাহাৰৰ দাতিৰ এক নং উপ-পথৰ পঞ্চাশ, ষাঠিঘৰ মানুহলৈ আতংক নমাই আনিছে ৷ ক্ৰমাগতভাৱে বাঢি অহা এই ভূমিস্খলনে ভাবুকিৰ সৃষ্টি কৰিছে মহানগৰখনৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ গান্ধী মণ্ডপৰ পথটোৰ প্ৰতিও ৷ গান্ধী মণ্ডপলৈ দিনে শতাধিক পৰ্যটকে অহা-যোৱা কৰা এই পথটোও যদি ভূমিস্খলনৰ কবলত পৰিবলগীয়া হয় তেন্তে এক বৃহৎ অঞ্চলৰ ৰাইজ ক্ষতিৰ সন্মুখিন হ’ব ৷ সেয়ে অঞ্চলটোৰ ৰাইজে এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি শীঘ্ৰে বিভাগৰ হস্তক্ষেপ কামনা কৰিছে ৷
