ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনে প্ৰাণ ল’লে এগৰাকী মহিলাৰ।
দেওবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে লখিমপুৰৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ নাৰায়নপুৰত।
নাৰায়ণপুৰৰ কেৰেকুজুলিৰ ইন্দুপুৰ গাঁৱত পুৱতি নিশা পাহাৰৰ মাটি খহি বাগৰি পৰাত শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱায় মহিলাগৰাকীয়ে।
নিহত মহিলাগৰাকীক চোকুশ্ৰী বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, পুৱতি নিশা দি থকা ধাৰাসাৰ বৰষুণত ভূমিস্খলন ঘটি মহিলাগৰাকীৰ ঘৰটো পুতি পেলায়। যাৰ ফলত নিদ্ৰাৰত অৱস্থাত কৰুণ মৃত্যু ঘটে চোকুশ্ৰী বসুমতাৰীৰ।
পিছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।