ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি

77

গুৱাহাটীঃ ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ শোচনীয় পৰাজয়ৰ পিছতে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। তাৰ পিছতে আৰম্ভ হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হব তাক লৈ জল্পনা কল্পনাৰ।

অৱশেষত এই সমস্ত জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম। শনিবাৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা জ্যেষ্ঠ নেতা ভূপেন বৰাক অসম কংগ্ৰেছৰ দায়িত্বভাৰ অৰ্পণ কৰে কংগ্ৰেছ নেতৃৃত্বই।

ইফালে দলৰ ভিতৰত চলি থকা সংঘাত প্ৰশমিত কৰিবলৈ প্ৰথমবাৰৰ বাবে তিনিটাকৈ কাৰ্যনিৰ্বাহক সভাপতিৰ পদ সৃষ্টি কৰি অসমৰ ৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাক নিযুক্তি দিয়ে কংগ্ৰেছ নেতৃত্বই। নামনিৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰাকৰ বাকপটু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু উজনিৰ যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা AICCৰ সম্পাদক ৰাণা গোস্বামীক কাৰ্যবাহী সভাপতি হিচাপে নিযুক্তি দিয়ে দলীয় হাইকামাণ্ডে৷

নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ নেতৃত্বত অসমত পুনৰ এবাৰ কংগ্ৰেছে নিজৰ গৰিমা উভতাই আনিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।