দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, কোভিড আতংক, দৰিদ্ৰৰ বিপৰ্যয়ৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জীৱন্ত কিংবদন্তি সজোৱাত তৎপৰ হৈ পৰিছে বিজেপি। বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ব্যক্তিৰ জন্মদিন ২০ দিনীয়াকৈ উদযাপন কৰি ইতিহাসত নজিৰ স্থাপনৰ চেষ্টা চলাইছে বিজেপিয়ে। এই তিনি সপ্তাহজোৰা জন্মদিনৰ কাৰ্যসূচীৰ ভিতৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই ৰেলী, ৫ কোটি দৰিদ্ৰ জনতাক ৰেচন, স্বচ্ছ ভাৰত অভিযান আদি বিভিন্ন কাৰ্যসূচী হাতত লব বিজেপি কৰ্মীসকলে।
তাৰ মাজতে মধ্য প্ৰদেশত এটা ৭১ ফুট উচ্চতাৰ চিৰিঞ্জ আকৃতিৰ কেক কাটি নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কৰিলে বিজেপি কৰ্মীসকলে। দেশত কোভিড ভেকচিনৰ টিকাকৰণৰ বাবে মোদীক ধন্যবাদ জনাই কটা হল এই চিৰিঞ্জ আকৃতিৰ কেক।
মধ্য প্ৰদেশৰ ভূপালৰ লালঘাটি চৌৰহাত মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে এই ৭১ ফুট দৈৰ্ঘ্যৰ কেক কটাৰ উপৰিও মোদীৰ সংসদীয় ক্ষেত্ৰ বাৰণসীত ৭১ গছি মাটিৰ চাকি জ্বলাই জন্মদিন উদযাপন কৰে বিজেপিয়ে। তদুপৰি ৭১ কেজি লাড়ুও বিতৰণ কৰে বিজেপি কৰ্মীসকলে।
