ভুৱা টিআৰপি কাণ্ড: ৰিপাব্লিক টিভিৰ চি ই অ’ক গ্ৰেপ্তাৰ

78

ডিজিটেল ডেস্ক : ৰিপাব্লিক টিভিৰ চি ই অ’ বিকাশ খানচান্দনিক টি আৰ পি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে ৰাতিপুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিইঅ’ গৰাকীক । এই ঘটনাত সন্দৰ্ভত ১৩ জন লোকক আটক কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে ৬ অক্টোবৰত এই গোচৰত এখন এজাহাৰ ৰুজু কৰিছিল । হাংচা গৱেষণা বিষয়া নিটিন দেবকাৰৰ অভিযোগৰ পিছত তদন্ত আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে । মুম্বাই পুলিচে অভিযোগ কৰা টি আৰ পি কেলেংকাৰীত নৱেম্বৰত আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল।