ভুৱা টিআৰপি কাণ্ডঃ নাম সাঙোৰ খোৱা চেনেলৰ লেন-দেনৰ তদন্ত কৰিব মুম্বাই আৰক্ষীয়ে

53

ডিজিটেল ডেস্কঃ ভুৱা টিআৰপি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা ৫টা টিভি চেনেলেৰ বিত্তীয় লেন-দেনৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীৰ এগৰাকী বিষয়াই বৃহস্পতিবাৰে কয় যে চেনেল সমূহৰ যোৱা ৫ বছৰত হোৱা লেন-দেন পৰ্যবেক্ষণ কৰা হ’ব। আনহাতে বৃহস্পতিবাৰে পুনৰ ৰিপাব্লিক টিভিৰ চিএফঅ’ এছ সুন্দৰমৰ ভাষ্য গ্ৰহণ কৰা হৈছে আৰু তেওঁক শুকুৰবাৰেও মুম্বাই ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, ধন দি টেলিভিছন ৰেটিং পইণ্টৰ সালসলনি কৰা ৰেকেটত নতুনকৈ নাম সাঙোৰ খাই পৰিছে আন দুটা চেনেলৰ। ইয়াৰে এটা নিউজ চেমেল আৰু এটা মনোৰঞ্জনৰ চেনেল বুলি জানিবলৈ দিছে মুম্বাই আৰক্ষীয়ে। ইয়াৰ পূৰ্বে অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিসহ ৩টা চেনেলৰ নাম এই কাণ্ডৰ সৈতে সাঙোৰ খাই পৰিছিল। ইতিমধ্যে ৮ জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।