ভুৱা অক্সিজেনৰ নাটনিৰ সৃষ্টি কৰি ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা পৰশ নাৰ্ছিং হোমৰ স্বত্বাধিকাৰ অৰিঞ্জনক কৰা হব পাৰে গ্ৰেপ্তাৰ

99

ভুৱা অক্সিজেনৰ নাটনিৰ সৃষ্টি কৰি ২২ গৰাকীকৈ ৰোগীক জীৱন সংকটৰ মাজলৈ ঠেলি দিয়া আগ্ৰাৰ পৰশ নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী অৰিঞ্জন জৈনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আগ্ৰা জিলা প্ৰশাসনে। ইতিমধ্যে অৰিঞ্জনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে। অতি শীঘ্ৰে অৰিঞ্জন জৈনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও এতিয়া বৃদ্ধি পাইছে।

উল্লেখ্য যে, যোৱা ২৬ এপ্ৰিলত পৰশ নাৰ্ছিং হোমত অক্সিজেনৰ ভুৱা নাটনিৰ সৃষ্টি কৰি হাস্পতালখনত চিকিৎসাধীন হৈ থকা ২২ গৰাকী ৰোগীৰ জীৱন সংকটৰ মাজলৈ ঠেলি দিছিল অৰিঞ্জন জৈনে। অৰিঞ্জন জৈনে অক্সিজনেৰ নাটনিৰ এখন ভুৱা নাটক ৰচনা কৰাৰ বিষয়ে খোদ কোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পিছতে বিভিন্নজনে টকাৰ বাবে ৰোগীৰ জীৱনৰ লগত খেলা অৰিঞ্জন জৈন নামৰ লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইফালে ২৬ এপ্ৰিলত ৫ মিনিটৰ বাবে হাস্পতালখনত অক্সিজেনৰ যোগান বন্ধ কৰি দিয়াৰ পিছতে ৰোগীৰ মাজত হাহাকাৰ লাগে। হাস্পতালখনত চিকিৎসাধীন হৈ থকা ২২ গৰাকী ৰোগীয়ে অক্সিজেনৰ অভাৱত শ্বাস প্ৰশ্বাসত তীব্ৰ অসুবিধাত ভুগে। পৰশ নাৰ্ছিং হোমৰ এনে অমানৱীয় সিদ্ধান্তই এতিয়া দেশবাসীৰ চকু কপালত তুলিছে।