ভুৱন গাম হব মাজুলীৰ বিজেপি প্ৰাৰ্থী

64

অনেক জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা হল মাজুলীৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ নাম।

ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰীয় বিজেপিলৈ প্ৰেৰণ কৰা ৩ জনীয়া পেনেলৰ পিছতে ঘোষণা কৰা হল সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া বিজেপি প্ৰাৰ্থীগৰাকীৰ নাম।

দলৰ জ্যেষ্ঠ নেতা ভুৱন গামকে অৱশেষত মাজুলীত টিকট প্ৰদান কৰাৰ কথা অৱশেষত নিশ্চিত কৰা হৈছে।

উল্লেখ্য যে, অহা ৭ মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ-নিৰ্বাচন। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত অব্যাহত থকা শীতল যুদ্ধৰ বাবে এই সমষ্টিটোত অৱশেষত কোনে টিকট পাব সেয়া নিশ্চিত হোৱা নাছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত দায়িত্ব গ্ৰহণ কৰাৰ পিছতে খালী হৈ পৰিছিল সমষ্টিৰ বিধায়কৰ আসন।