ভুল হ’ল ভূপেন বৰাৰ! ক’লে- কলাগুৰু জ্যোতিপ্ৰসাদ আগৰৱালা…

306

পুনৰ এবাৰ বিতৰ্কৰ আৱৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

এইবাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিৱৰ্তে জ্যোতিপ্ৰসাদ আগাৰৱালাক কলাগুৰু বুলি অভিহিত কৰি বিতৰ্কত ভূপেন বৰা।

ৰাজ্যত ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটক ‘লভিতা’ৰ বিকৃতকৰণৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ জিভা পিছল খালে ভূপেন বৰাৰ।

মঞ্চৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকা সময়তে ভুলবশতঃ ভূপেন বৰাই বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিৱৰ্তে কলাগুৰু সম্বোধন কৰে জ্যোতিপ্ৰসাদ আগৰৱালাক।

এবাৰ নহয়, দুবাৰ নহয়, মুঠ তিনিবাৰকৈ কলাগুৰু জ্যোতিপ্ৰসাদ আগৰৱালা বুলি অভিহিত কৰি মঞ্চৰ পৰা উদাত্ত ভাষণ প্ৰদান কৰা ভূপেন বৰাৰ ভাষণৰ ভিডিঅ’ ক্লিপ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আনহাতে ইয়েই যেন এতিয়া সমল হৈ পৰিছে শাসকীয় পক্ষৰ নেতা-মন্ত্ৰীৰ মুখ চুপতিৰো।

বিগত কিছুদিন ধৰি বিজেপি কাৰ্যালয় ভঙাৰ কথা কৈ চৰ্চাত থকা ভূপেন বৰাক সমালোচনা কৰাৰ এক সুৱৰ্ণ সুযোগ প্ৰদান কৰিছে তেওঁৰ ভাইৰেল এই ভাষণেই।

ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিতা, বিধায়ক দিগন্ত কলিতাৰ দৰে শাসকীয় দলৰ কথাচহকী নেতাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূপেন বৰাক লৈ।