ভুল পথেৰে চাকৰিত যোগদান কৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৩ মহিলা কৰ্মচাৰীক বৰ্খাস্ত

78

অবৈধ পন্থা অৱলম্বন কৰি চাকৰি লোৱাৰ অভিযোগত যোৰহাটস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৩ মহিলা কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে। সোমবাৰে অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ে মহিলা কৰ্মচাৰী কেইগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

উল্লেখ্য যে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ক্ৰমে- অজন্তা দত্ত, বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰে ২০১৭ চনত ভুল পন্থা অৱলম্বন কৰি চাকৰিত যোগদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ ভিত্তিতেই মহিলা কৰ্মচাৰী কেইগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।