ভুলতে গ্ৰেপ্তাৰ কৰা হৈছিল কমল হাজৰিকাক, এৰি দিলে আৰক্ষীয়ে

85

গুৱাহাটীঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা কমল হাজৰিকাক এৰি দিয়া হ’ল। বৰনদ্দীৰ পৰা গ্ৰেপ্তাৰ কৰা বিজেপি নেতাজনক আৰক্ষীয়ে এৰি দিয়াৰ পিছতে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কমল হাজৰিকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত।

ইফালে বিজেপি নেতাজনক আৰক্ষীয়ে এৰি দিয়াৰ কাৰণ নাম বিভ্ৰাট বুলি জানিবলৈ দিছে। আৰক্ষীয়ে জনায় যে একে নামৰ হোৱাৰ বাবেই আৰক্ষীয়ে প্ৰকৃত অভিযুক্তৰ বিপৰীতে এইজন কমল হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু শেষত আৰক্ষীয়ে এই ভুলি বুজিব পাৰি তেওঁক এৰি দিয়ে। আৰক্ষীয়ে সদৰী কৰা মতে, বঙাইগাঁৱৰ কমল হাজৰিকাকহে এছআই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগিছিল।