ভীমাশংকৰ মন্দিৰকে ধৰি আজাৰা পঞ্চায়তত ৬টা পথ উদ্বোধন-আধাৰশিলা স্থাপন সাংসদ কুইন ওজাৰ

89

গুৱাহাটী : গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই তেওঁৰ সংসদীয় সমষ্টিৰ অধীনৰ পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ আজাৰা গাঁও পঞ্চায়ত এলেকাৰ ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ স্থান সমূহৰ উন্নয়ন সাধনৰে নতুন ৰূপ দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ।

ইয়াৰ অংশ হিচাপে চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে নতুনকৈ নিৰ্মাণ কৰা গঁড়চুকৰ সমীপৰ পামহীৰ ঐতিহাসিক ভীমা শংকৰ মন্দিৰকে ধৰি ৬৪.৫৪ লাখ টকাৰে নিৰ্মাণ কৰা আৰু কৰিবলগীয়া ছয়টা পথ উদ্ধোধন আৰু আধাৰশিলা স্থাপন কৰে ।

এই উপলক্ষে আজাৰা গাঁও পঞ্চায়তৰ সভাপতি কবিতা বড়ো ৰংপীয়ে আঁত ধৰা সভা সমূহত সাংসদ কুইন ওজাই ভাষণত ৰাইজৰ সহযোগিতা কামনা কৰি আগন্তক দিনত বৰঝাৰ বিমানবন্দৰৰ গাতে লগা আজাৰা পঞ্চায়তখনক জাকত জিলিকা কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগীতা আগবঢ়াই যাব বুলি ব্যক্ত কৰে ।

সভাত কামৰূপ জিলাৰ দিশা কমিটিৰ সদস্য প্রশান্ত মহন্ত , জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা , ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুনীন্দ্ৰ হাজৰিকা , ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা গণেশ দাস আৰু মণিকা কোঁৱৰ , সচিব মৃদুল দাস , বি জে পি ৰ গুৱাহাটী জিলা কমিটিৰ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰভাৰী বলেশ্বৰ ৰংপী , ৰাণী মণ্ডল কমিটিৰ সভাপতি হৰকান্ত নাথ , সমাজকৰ্মী সুগ্ৰীৱ ৱেকে ধৰি কেইবাজনো বিশিষ্ট লোক আৰু গাঁও পঞ্চায়তৰ কেইবাজনো সদস্য উপস্থিত থাকে ।