ভিক্টৰ দাসৰ বাসগৃহত অসম আৰক্ষীৰ অভিযান…

190

কামৰূপ জিলাৰ হাজোৰ দদৰা গাঁও স্থিত ভিক্টৰ দাসৰ বাসগৃহত সোমবাৰে অভিযান চলিল অসম আৰক্ষীৰ।

এই অভিযানত ভিক্টৰ দাসৰ লেপটপসহ কেতবোৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

পৰিয়ালৰ এগৰাকী সদস্যই জনোৱা মতে, ভিক্টৰৰ গ্ৰেপ্তাৰ পিছত মানসিকভাৱে ভাগি পৰিছে তেওঁৰ মাতৃ।

উল্লেখ্য যে, চৰকাৰী নিযুক্তিৰ নামত একাংশই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

এই অভিযোগৰ তথ্য প্ৰদান কৰিব নোৱাৰাৰ অপৰাধতে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰক।

ইফালে, সোমবাৰে পুৱা দিছপুৰ আৰক্ষীয়ে কৰা গ্ৰেপ্তাৰৰ পিছত ভিক্টৰৰ মাতৃয়ে কয়, ‘ৰাজ্যত চাকৰিৰ দালালি চলি থকাৰ প্ৰমাণ পোৱা গৈছে। জলসম্পদ হওক বা অন্য বিভাগেই হওক, দালাল দালাল।”

তেওঁ লগতে কয়, “ভিক্টৰে এই দালালবোৰৰ কথা কৈছিল।

লগতে ভৱিষ্যতে এনেধৰণৰ গোচৰত জড়িত নহ’বলৈও তেওঁৰ পুত্ৰক কয়।

উল্লেখযোগ্য যে আজি গুৱাহাটীত জলসম্পদ বিভাগৰ চাকৰিৰ বাবে নগদ ধনৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগত ৭জন দালালক গ্ৰেপ্তাৰ কৰা হয়।