ভিক্টৰ দাসক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ

172

যোৱা ২১ আৰু ২৮ আগষ্টত সমগ্ৰ অসমতে অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত নিৰ্বাচনক লৈ ভুৱা উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

গুৱাহাটীৰ এটা কোচিং ইনষ্টিটিউটৰ শিক্ষক ভিক্টৰ দাসে এক টুইটত দাবী কৰিছে যে “বেকড’ৰ এপইণ্টমেণ্টৰ বাবে এটা বিশাল লবী চলি আছে” আৰু “পোষ্টৰ ওপৰত নিৰ্ভৰ কৰি মানুহে ৩ লাখৰ পৰা ৮ লাখলৈ ধন দাবী কৰিছে”।

ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, ডি জি পি ভাস্কৰ জ্যোতি মহন্ত, বিশেষ ডি জি পি জি পি সিঙক টুইটাৰযোগে টেগ কৰি ভিক্টৰে লিখিছে, ‘ছাৰ, শেহতীয়াকৈ অনুষ্ঠিত হোৱা এ ডি আৰ ই পৰীক্ষাৰ বেকড’ৰ এপইণ্টমেণ্টৰ বাবে এক বিশাল লবী প্রতিদ্বন্দ্বিতা কৰিছে য’ত মানুহে ৩ জনৰ পৰা ধন দাবী কৰিছে৷ পদৰ ওপৰত নিৰ্ভৰ কৰি লাখৰ পৰা ৮ লাখলৈ, লগতে কেইজনমান প্ৰাক্তন বিধায়ক জড়িত হৈ আছে। প্লিজ সহায় কৰক।”

কিন্তু সোধা-পোছাত আৰক্ষীয়ে জনোৱা মতে, দাসে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা তথ্যৰ কোনো প্ৰাসংগিক প্ৰমাণ দাখিল কৰিব নোৱাৰে।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে ভিক্টৰ দাসে বিষয়টোৰ সন্দৰ্ভত কাৰ্য্যকৰী তথ্য দিব নোৱাৰিলে আৰু তথ্যৰ ভুল ব্যাখ্যা কৰিছে।

“ভিক্টৰে আমাক হাতত থকা বিষয়টোৰ ওপৰত কোনো সুনিৰ্দিষ্ট প্ৰমাণ দিব পৰা নাছিল। তেওঁ সমগ্ৰ ঘটনাৰ ভুল ব্যাখ্যা কৰিছে।’- খৰখেদাকৈ সাংবাদিকৰ আগত এইদৰে কয় তেওঁ।

কামৰূপ জিলাৰ হাজোৰ দাদাৰা গাঁৱৰ ভিক্টৰ দাসৰ বাসগৃহতো অভিযান চলাই তেওঁৰ লেপটপ জব্দ কৰিছিল আৰক্ষীয়ে।