ভিআইৰ ইণ্টিগ্ৰেটেড আই.ও.টি. ছলিউশন

61

ভোডাফোন আইডিয়া লিমিটেডৰ শাখা ভি আই বিসনেজ, ব্যৱসায়িক উদ্যোগৰ বাবে ইণ্টিগ্ৰেটেড আইঅটি ছলিউশন লঞ্চ্ কৰিছে। ইয়াৰ বাবে ভিআইৰ আই.ও.টি. পৰ্টফলিঅ’ আৰু শক্তিশালী হৈছে। এইখন ইণ্ডাষ্ট্ৰী ফাৰ্ষ্ট ইনিশিয়েটিভৰ জৰিয়তে, দেশৰ একমাত্ৰ টেলিকম কোম্পানী হৈ পৰিছে যিয়ে ‘চিকিউৰ এণ্ড-টু-এণ্ড আইঅটি ছলিউশন’ প্ৰদান কৰিছে য’ত কানেক্টিভিটি, হাৰ্ডৱেৰ, নেটৱৰ্ক, এপ্লিকেচন, অ্যানালিটিক্স, চিকিউৰিটি আৰু চাপৰ্ট থাকিব। একেলগত, ভি.আই. বিসনেজে এক আই.ও.টি. ইনচাইট ৰিপোৰ্ট ‘ভি.আই আই.ও.টি. সেলফ স্কেন: ফ্ৰেমৱৰ্ক ফৰ অ্যাক্সেসিং আইওটি মেচুৰিটি’ মুকলি কৰিছে।

ভিআই হল ভাৰতৰ সৰ্ববৃহৎ আইঅটি কোম্পানী। এই মুকলিৰ সৈতে, তেওঁলোকে বিভিন্ন উদ্যোগৰ বাবে তেওঁলোকৰ পৰ্টফলিঅ’ শক্তিশালী কৰি এক বিস্তৃত পৰিসৰৰ আই.ও.টি.সমাধান প্ৰদান কৰিব, য’ত তেওঁলোকৰ ৫জি-ৰেডি নেটৱৰ্কৰ বাবে স্মাৰ্ট ইনফ্রাস্ট্রাকচার, স্মাৰ্ট মোবিলিটি আৰু স্মাৰ্ট ইউটিলিটি থাকিব। ভি.আই. ইণ্টিগ্ৰেটেড আই.ও.টি. সমাধানৰ সৈতে, উদ্যোগবোৰে তেওঁলোকৰ ‘মূল শক্তি’ৰ ওপৰত গুৰুত্ব দিবলৈ সক্ষম হ’ব, যাৰ ফলত আই.ও.টি. উদ্ভাৱন সহজ আৰু দ্ৰুত হ’ব।