ডিজিটেল ডেস্ক:- দেশৰ বায়ু সেনাক অধিক শক্তিশালী কৰাৰ অৰ্থে ভাৰত চৰকাৰে ক্ৰয় কৰা নতুন আৰু অত্যাধুনিক প্ৰযুক্তি সম্পন্ন ৫ খন ৰাফেল যুঁজাৰু বিমান বুধবাৰে হাৰিয়ানাস্থিত অম্বালা বায়ু সেনাৰ ঘাটীত উপস্থিত হয়। এই যুঁজাৰু বিমান কেইখনে ফ্ৰান্সৰ বৰদো চহৰস্থিত মেৰিগনেক বায়ু সেনাৰ ঘাটীৰ পৰা প্ৰায় ৭০০০ কিলোমিটাৰ অতিক্ৰম কৰি দুপৰীয়াৰ ভাগত উপস্থিত হয়হি অম্বালা বায়ু সেনাৰ ঘাটীত।
ইফালে ৰাফেল যুঁজাৰু বিমান কেইখন ভাৰত আহি পোৱাৰ পিছতে ভাৰতীয় বায়ুসেনাক অভিনন্দন জ্ঞাপন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে। লগতে পুনৰ এবাৰ ৰাফেল বিমান ক্ৰয় চুক্তিত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি তিনিটা প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে ভাৰতীয় বায়ুসেনাক অভিনন্দন জনোৱাৰ পিছত প্ৰশ্ন কৰিছে যে কিয় প্ৰতিখন ৰাফেল যুঁজাৰু বিমান ৫২৬ কোটি টকাৰ পৰিবৰ্তে ১৬৭০ কোটি টকাৰে ক্ৰয় কৰা হল? ইয়াৰ উপৰিও ১২৬ খন যুঁজাৰু বিমানৰ পৰিবৰ্তে মাত্ৰ ৩৬ খন যুঁজাৰু বিমানহে কিয় ক্ৰয় কৰা হল বুলিও প্ৰশ্নৰ উত্থাপন কৰিছে গান্ধীয়ে।
আনহাতে হিন্দুস্তান এয়াৰনটিক্স লিমিটেড চমুকৈ এইছ এ এলৰ পৰিবৰ্তে দেউলিয়া হোৱা অনিল আম্বানীক হে কিয় ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ ৩০ হাজাৰ কোটিটকীয়া ঠিকা প্ৰদান কৰা হল বুলিও এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাহুল গান্ধীয়ে।