ভাৰত-পাকিস্তানৰ সংঘৰ্ষত শ্বহীদ অসমৰ জোৱান…

53

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ সীমান্তত কৰা গুলি বৰ্ষণত অসমৰ এজন জোৱান শ্বহীদ হয়।

হৰধন চন্দ্ৰ ৰয় নামৰ এই জোৱান জন ধুবুৰী জিলাৰ সাপতগ্ৰাম আৰক্ষী চকীৰ ফুটুকীগ্ৰাম-মেধিপাৰাৰ বাসিন্দা ।

ভাৰত -পাকিস্তানৰ সংঘৰ্ষত ৪ জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে ৩ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱায়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৬-৭ জন পাকিস্তান জোৱানৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১০-১২ জন আঘাত প্ৰাপ্ত হয়।