ভাৰত তিব্বত সহযোগ মঞ্চ অসম শাখাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিবাদী কাৰ্যসূচী

78

ষ্টাফৰিপৰ্টাৰ, ভাৰত তিব্বত সহযোগ মঞ্চ অসম শাখাই মঙলবাৰে দেশৰ সীমাৱৰ্তী এলেকা গালবৱন উপত্যকাত শ্বহীদ হোৱা ২০ জন ভাৰতীয় বীৰ শ্বহীদ জোৱানৰ শ্ৰদ্ধা তৰ্পন কৰাৰ লগতে আক্ৰোষী চীনৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰে। গণেশগুৰিৰ বি কে টাৱাৰৰ ওচৰত মঞ্চৰ প্ৰায় ৩২ গৰাকী সদস্যই প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন তাৰ পাছত চীনা সামগ্ৰী বৰ্জন আৰু আত্ম নিৰ্ভৰশীল ভাৰতৰ কামনাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ভাৰত তিব্বত সহযোগ মঞ্চ অসম শাখাৰ কাৰ্যকৰী সভাপতি উৰ্বশী মহন্তই কয় ” আমি মূলত তিব্বতৰ স্বাধীনতা, কৈলাশ মান সৰোবৰৰ মুক্তি, সীমা সুৰক্ষা, জীৱন দায়িনী ব্ৰহ্মপুত্ৰৰ মুক্তি আৰু চীনা সামগ্ৰী বৰ্জনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি ২০১২ চনৰ পৰা টাৱাং, তীৰ্থ যাত্ৰা হিচাপে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মঞ্চৰ হাজাৰ হাজাৰ সদস্য অৰুণাচলৰ বুমলা সীমাত উপস্থিত হৈ প্ৰতি বছৰৰ দৰে ২৩ নৱেম্বৰত আমাৰ দাবী সমূহ লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। লগতে কেন্দ্ৰ চৰকাৰক আমাৰ দাবী সমূহ মানি ল’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছোঁ।”