ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ মাজতে কোৰোনাত আক্ৰান্ত প্ৰশিক্ষক ৰবি শাস্ত্ৰীসহ ৪ গৰাকী

139

ভাৰত আৰু ইংলেণ্ডৰ মাজত লয় থকা টেষ্ট শৃংখলাৰ মাজতে কোৰোনাত আক্ৰান্ত হৈছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী। শনিবাৰে দলটোৰ পৰিচালনা সমিতিৰ কোভিড টেষ্ট কৰা হৈছিল। যত মুখ্য প্ৰশিক্ষক ৰবি শস্ত্ৰীৰ লগতে বলিং প্ৰশিক্ষক ভাৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ আৰু ফিজিঅ’থেৰাপিষ্ট নিতিন পেটেলৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে।

কোৰোনাত আক্ৰান্ত আটাইকেইজনকে আইছলেট কৰা হৈছে। উল্লেখ যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলা ১-১ ত টাই হৈছে। চতুৰ্থ খন খেল ওভালত খেলা হৈছে। এই খেলখনত ভাৰতীয় দলটো শক্তিশালী স্থিতিত আছে। টীম ইণ্ডিয়াই ১৮০ ৰাণতকৈও অধিক ৰাণত অগ্ৰগতি লাভ কৰি আছে।