ভাৰতৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সপ্তমত আইআইটি গুৱাহাটী

228

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাদ্ৰাজ ‘নেচনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক, ২০২৪’ (এনআইআৰএফ ২০২৪)ত একেৰাহে ষষ্ঠ বছৰৰ বাবে অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শীৰ্ষ স্থান দখল কৰিছে। আনহাতে, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বাংগালোৰ একেৰাহে নৱমবাৰৰ বাবে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে বিবেচিত হৈছে। আনহাতে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় দ্বিতীয়, জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয় তৃতীয় স্থানত থকাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় এই তালিকাত ৪০ নং স্থানত আছে। আনহাতে, তেজপুৰ বিশ্ববিদ্যাল ৬৯ নং স্থানত আছে। উল্লেখ্য যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে এনআইআৰএফ ২০২৪ ৰেংকিঙৰ নৱম সংস্কৰণ প্ৰকাশ কৰে। দিল্লী বিশ্ববিদ্যালয়ে তেওঁলোকৰ স্থান ১১ তমৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত কৰিছে। সামগ্ৰিক শ্ৰেণীত, আইআইটি মাদ্ৰাজ প্ৰথম, আইআইএছচি বাংগালোৰে দ্বিতীয় আৰু আইআইটি বোম্বে তৃতীয় স্থানত আছে। এই তালিকাত আইআইটি গুৱাহাটী নৱম স্থানত আছে। দেশৰ ভিতৰত শ্ৰেষ্ঠ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠানৰ শীৰ্ষত আইআইটি মাদ্ৰাজ থকাৰ বিপৰীতে দ্বিতীয়ত আইআইটি দিল্লী, তৃতীয়ত আইআইটি বোম্বে আৰু আইআইটি গুৱাহাটী সপ্তম স্থানত আছে।শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয় আৰু মিৰাণ্ডা হাউচে ইজনে আনজনৰ স্থান দখল কৰিছে। এতিয়া হিন্দু মহাবিদ্যালয় শীৰ্ষত আছে। ছেইণ্ট ষ্টিফেনছ কলেজ তৃতীয় স্থানত আছে। ৰাজ্য চৰকাৰৰ বিশ্ববিদ্যালয়সমূহৰ বাবে নতুনকৈ প্ৰৱৰ্তন কৰা শ্ৰেণীত, চেন্নাইস্থিত আন্না বিশ্ববিদ্যালয়ে শীৰ্ষ স্থান লাভ কৰিছে, তাৰ পিছত আছে কলকাতা স্থিত যাদৱপুৰ বিশ্ববিদ্যালয় আৰু পুনেস্থিত সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়।