ডিজিটেল ডেস্ক: ভাৰতৰ আক্ৰমণৰ ভয়ত পাকিস্তানে মুকলি কৰি দিছিল ইউং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক। পাকিস্তানৰ সংসদত এই মন্তব্য এগৰাকী পাকিস্তানী সাংসদৰ। যোৱা বছৰ ২৭ মাৰ্ছত পাক বায়ু সেনাৰ যুদ্ধ বিমান প্ৰতিহত কৰিবলৈ গৈ পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল ভাৰতীয় বায়ু সেনাৰ উইং কমণ্ডাৰ অভিনন্দন বৰ্থমান। তাৰ পিছতে অভিনন্দনক মুকলি কৰি দিবলৈ আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰা হৈছিল পাকিস্তানৰ ওপৰত। যাৰ পিছত শান্তি আৰু সম্প্ৰীতিৰ বচন মাতি ১ মাৰ্চৰ নিশা ভাৰতৰ হাতত অভিনন্দন বৰ্থমানক গতাই দিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে।
কিন্তু ইমৰান খানৰ সেই শান্তি আৰু ঐক্যতাৰ বচন আছিল ভুৱা। পাক সংসদৰ মজিয়াত বুধবাৰে পাকিস্তান মুছলিম লীগ- নৱাজৰ নেতা আয়াজ ছাদিকে প্ৰকাশ কৰিলে উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক মুকলি কৰি দিয়াৰ আঁৰৰ কাহিনী। সাংসদ গৰাকীৰ মতে, অভিনন্দন বৰ্থমান পাক সেনাৰ হাতত বন্দী হোৱাৰ পিছতে অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক। য’ত উপস্থিত আছিল বিদেশমন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বী, পাক সেনা প্ৰধান, কেইবাজনো মন্ত্ৰী- সাংসদ আৰু কেইবাজনো শীৰ্ষস্থানীয় ব্যক্তি। এই বৈঠকতে শ্বাহ মাহমুদ কুৰেশ্বীয়ে কৈছিল- অভিনন্দন বৰ্থমানক মুকলি কৰি নিদিলে ভাৰতে আক্ৰমণ কৰিব পাকিস্তানৰ ওপৰত।
ভয় সেয়াই। পাকিস্তানে কেৱল জানে সন্ত্ৰাসবাদীৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰছিবলৈ। কিন্তু বাস্তৱত পাকিস্তানে ভয় কৰে ভাৰতক। ভাৰতৰ সামৰিক আৰু কূটনৈতিক শক্তিৰ ওচৰত সদায় নতি স্বীকাৰ কৰি আহিছে পাকিস্তানে। পাক সাংসদেই প্ৰকাশ কৰা উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক মুকলি কৰি দিয়াৰ আঁৰৰ কাহিনীয়েও দৰ্শাইছে সেয়াই।