ভাৰতৰ ওচৰত হ’ব এখন নতুন দেশ

21

ভাৰতৰ ওচৰত হ’ব নেকি এখন নতুন দেশ? এই প্ৰশ্নটোৱে এতিয়া বহুতৰ মাজত শংকা বৃদ্ধি কৰিছে। কিয়নো আৰাকান আৰ্মীয়ে স্বাধীনতা লাভ লক্ষ্য বান্ধি আগুৱাই আহি আছে। ইতিমধ্যে বাংলাদেশৰ সীমান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিছে আৰাকান সেনাই। স্বাধীনতা লাভৰ লক্ষ্য লৈ আৰাকান আৰ্মীয়ে এখোজ এখোজকৈ আগবাঢ়িছে।আজিৰ পৰা প্ৰায় ৩ মাহ আগত যি কাম অসম্ভৱ যেন লাগিছিল সেই যেন এতিয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। আশংকা কৰা হৈছে যে ইউনাইটেড লীগ অৱ আৰাকান (ইউ এল এ) আৰু তেওঁলোকৰ সামৰিক শাখা আৰাকান সেনাৰ প্ৰভাৱত ভাৰত সীমান্তত এখন নতুন দেশৰ জন্ম হ’ব পাৰে।আৰাকান সেনাই ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ১৮ খন চহৰৰ ভিতৰত ১৫ খন নিজৰ দখললৈ নিছে।কিছুদিন পূৰ্বে আৰাকান সেনাই সেনাবাহিনীৰ পৰা মংডো চহৰ কাঢ়ি লৈছিল আৰু বাংলাদেশৰ সীমান্ত অঞ্চল সম্পূৰ্ণ দখল কৰিছিল। এই বিদ্ৰোহী সংগঠনে যদি সম্পূৰ্ণ ৰাখাইন দখল কৰি স্বাধীনতা ঘোষণা কৰিবলৈ সক্ষম হয় তেন্তে ১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ পাছত এছিয়াত হ’ব এয়া প্ৰথম সফল বিচ্চিন্নতাবাদী সামৰিক অভিযান। গতিকে এনে পৰিস্থিতি ভাৰতৰ চুবুৰীয়া অঞ্চলত এখন নতুন দেশৰ জন্ম হ’ব পাৰে। এই দেশখন বাংলাদেশ সীমান্তত গঢ় লৈ উঠাৰ আশংকা কৰা হৈছে।