ষ্টাফৰিপৰ্টাৰ, ১৮ জুন : পুৱ লাডাখৰ হিমশীতল গালৱান উপত্যকাক লৈ সন্মুখ সমৰৰ দিশে এছিয়া মহাদেশৰ দুই বৃহৎ শক্তিধৰ ৰাষ্ট্ৰ ভাৰত আৰু চীন ৷ সোমবাৰে মাজনিশা গালৱানত দুয়ো দেশৰ সেনাৰ মাজত চলা সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় বিষয়া – জোৱান নিহত ঘটনাই জোকাৰি গৈছে দেশক ৷ প্ৰতিজন ভাৰতীয়াই এই মৰ্মান্তিক ঘটনাটো সহজভাবে ল’ব পৰা নাই ৷তাৰ মাজতে দেশৰ প্ৰান্তেপ্ৰান্তে শ্বহীদ সেনা জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷গুৱাহাটী মহানগৰী পল্টনবজাৰত সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মজয়ন্তী উদযাপন সমিতিয়ে বুধবাৰে সন্ধিয়া বন্তী প্ৰজ্বলনৰে শ্বহীদ জোৱান সকলক শ্ৰদ্ধা জনায়।মৃত সেনা বিষয়া সকলৰ আত্মিৰ চিৰশান্তি কৰি প্ৰায় শতাধিক বন্তি প্ৰজ্বলন কৰে সমিতিৰ তৰফৰ পৰা ৷উল্লেখ্য যে বন্তি প্ৰজ্বালন অনুষ্ঠানত সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাস’ শংকৰ চক্ৰৱৰ্তী’ বিশ্বজিত খাউন্ড’জুৰিস্মিতা দত্ত’ প্ৰান্তোষ ৰয়’ কানু দাসে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।