ভাৰতীয় সেনাক বেংকিং সেৱা প্ৰদান কৰিব বন্ধন বেংকে

107

ভাৰতৰ আটাইতকৈ যুৱ বেংক বন্ধন বেংকে আজি ভাৰতীয় সেনাৰ সৈতে বন্ধন বেংক শৌৰিয়া বেতন একাউণ্টৰ বাবে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজিৰ স্মাৰকলিপি(MoU) স্বাক্ষৰ কৰে যি ভাৰতীয় সেনাৰ সাহসীসকলৰ বাবে বেংকিং সুবিধাৰ সৈতে আহে। লেফ্টেনেন্ট জেনেৰেল হৰ্ষ গুপ্তাৰ (এ ভি এছ এম, ৱাই এছ এম, ভি এছ এম) উপস্থিতিত, এই MoU টো লেফ্টেনেন্ট জেনেৰেল ৰাবিন খোচলা (এ ভি এছ এম, এছ এম, ভি এছ এম), ডি জি (এম পি আৰু পি এছ),ভাৰতীয় সেনা আৰু নতুন দিল্লীৰ বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু চি ই অ’ চন্দ্ৰ শেখৰ ঘোষৰ দ্বাৰা স্বাক্ষৰিত হৈছিল।