ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক যোগাযোগ আঁচনিৰে সংযুক্ত কৰা হৈছে ৰূপসীক

88

অসমৰ ধুবুৰী জিলাৰ ৰূপসীত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা ৰূপসী বিমান বন্দৰটো চলিত ২০২০-২০২১ বিত্তীয় বৰ্ষৰ ভিতৰতে বিমান কলাচৰৰ বাবে মুকলি কৰিব । ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান প্ৰধান (ডি.জি. চি.এ) ৰূপসী বিমান বন্দৰৰ সকলো কাৰিকৰী দিশ পৰীক্ষা কৰি বিমান উৰণ-অৱতৰণৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে । এই মন্তব্য ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ উত্তৰ-পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জে.টি ৰাধাকৃষ্ণণৰ।

আজি বৰঝাৰস্থিত কাৰ্যালয় কক্ষত সাংবাদিকৰে হোৱা চমু বাৰ্তালাপত এই মন্তব্য আগবঢ়ায় ভাৰপ্ৰাপ্ত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক জে.টি. ৰাধাকৃষ্ণনণে কয় যে, বিমান বন্দৰটোক অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ‘Regional Connectivity Scheme’ ৰ আঞ্চলিক যোগাযোগ আঁচনিৰ (আৰ.চি.এছ) অধীনৰ সংযুক্ত কৰা হৈছে। এই আৰ.চি.এছ আঁচনিৰ অধীনত বিমান বন্দৰটোৰ পৰা প্ৰথম পৰ্যায়ৰ গুৱাহাটী আৰু কলকাতালৈ ‘এ.টি.আৰ’ শ্ৰেণীৰ যাত্ৰীবাহী বিমান চলাচল কৰোৱা হব।