ভাৰতীয় বায়ু সেনাৰ ৮৮সংখ্যক দিৱসৰ শুভকামনা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

73

ডিজিটেল ডেস্কঃ ১৯৩২ চনৰ ৮ অক্টোবৰত স্থাপন কৰা হৈছিল ভাৰতীয় বায়ু সেনাৰ। বৃটিছ শাসনৰ সময়তে স্থাপন হোৱা ভাৰতীয় বায়ু সেনাই পৰৱৰ্তী সময়ত বহু যুদ্ধত অংশ লৈছিল। আজি ভাৰতীয় ভাৰতীয় বায়ু সেনাই ৮৮ বছৰত ভৰি দিলে। ভাৰতীয় বায়ু সেনা দিৱসৰ দিনটো দেশৰ বিভিন্ন প্ৰান্তত থকা বায়ু সেনাৰ ঘাটীত পালন কৰা হৈছে।

আজি ভাৰতীয় বায়ু সেনাৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোত বায়ু সেনাৰ জোৱানসকলক শুভকামনা জ্ঞাপন কৰিছে বিভিন্নজনে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে বায়ু সেনা জোৱানক অভিনন্দন জনাই লিখিছে, ‘আমাৰ বায়ু সেনাৰ যোদ্ধা সকলক আমি গৌৰৱৰে সন্মান কৰো। যিসকল শ্বহীদ হৈছে, তেওঁলোকৰ পৰিয়ালক লৈও আমি গৌৰৱাম্বিত। সমগ্ৰ ৰাষ্ট্ৰই বায়ু সেনা জোৱানসকলৰ ত্যাগ আৰু অৱদানক চিৰদিন মনত ৰাখিব।’

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলো বায়ু সেনা জোৱানক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জনাই লিখিছে, ‘বায়ু সেনা দিৱসত ভাৰতীয় বায়ু সেনাৰ প্ৰতিগৰাকী বীৰ যোদ্ধালৈ অভিনন্দন জনাইছো। আপোনালোকে কেৱল দেশৰ আকাশকে সুৰক্ষিত নাৰাখে, বৰঞ্চ জৰুৰীকালীন সময়ত মানৱতাৰ সেৱাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰে। মা ভাৰতীৰ ৰক্ষাৰ বাবে আপোনালোকৰ ত্যাগ, শক্তি আৰু সাহসে দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস।’