ভাৰতীয় বায়ু সেনাৰ কেৰিয়াৰ সম্পৰ্কীয় মোবাইল এপ ‘My IAF’ৰ উন্মোচন

80

ডিজিটেল ডেস্কঃ বায়ু সেনাত যোগদান কৰিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে ভাৰতীয় বায়ু সেনাই। বায়ু সেনাত যোগদান কৰিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে আজি ভাৰতীয় বায়ুসেনাই ‘My IAF’ নামৰ এটা কেৰিয়াৰ সম্পৰ্কীয় মোবাইল এপ মুকলি কৰে। প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ অংশ স্বৰূপে মুকলি কৰা এই এপটোত যুৱক-যুৱতীসকলে বায়ু সেনাৰ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন তথ্য আৰু সবিশেষ লাভ কৰিবলৈ সক্ষম হ’ব।

চেণ্টাৰ ফ’ৰ ডেভলপমেণ্ট অৱ এডভান্স কম্পিউটিং (চি-ডিএচি)ৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা এই এপটোৰ মুকলি কৰে ভাৰতীয় বায়ু সেনাৰ প্ৰধান আৰ কে এছ ভদৌৰীয়াই।