ভাৰতীয় বায়ুসেনাত সূচনা হ’ল এটা নতুন যুগৰ। অন্তৰ্ভূূক্ত কৰা হ’ল থলুৱাভাৱে নিৰ্মাণ কৰা লাইট কম্বেট হেলিকপ্টাৰ।
বায়ু সেনাৰ শক্তি বৃদ্ধি কৰি সোমবাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ১০ খন LCH।
ৰাজস্থানৰ যোধপুৰ বিমানঘাটিত বায়ু সেনাত এলচিএইচ অন্তৰ্ভূক্ত কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
এলচিএইছক ‘প্ৰচণ্ড’ নামেৰে নামকৰণো কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
এই হেলিকপ্টাৰেৰে মৰুভূমি হওক বা বৰফাবৃত্ত পাহাৰ, প্ৰতিটো অৱস্থাতে শত্ৰুক আক্ৰমণ কৰিবলৈ সক্ষম হ’ব ভাৰতীয় বায়ু সেনাই।
ইয়াৰ কামানে প্ৰতি মিনিটত ৭৫০ টা গুলী নিক্ষেপ কৰিব পাৰে।
আনহাতে ইয়াত এণ্টি টেংক আৰু এয়াৰ টু এয়াৰ মিছাইলও সংযোজন কৰাৰ ক্ষমতা আছে।
উল্লেখ্য যে, প্ৰায় ৩,৮৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৫ খন এল চি এইচ সেনাবাহিনীত অন্তৰ্ভূক্ত কৰা হ’ব।
ইয়াৰে ১০ খন আজি বায়ুসেনাই লাভ কৰিছে।
২২ বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত ইয়াক প্ৰস্তুত কৰিছে হিন্দুস্তান এৰোনটিক্স লিমিটেডে।
এই বিশেষ হেলিকপ্টাৰ কেইখন উৰণৰ বাবে বায়ুসেনাৰ ১৫ জন পাইলটক প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।