ভাৰতীয় পৰ্যটক সকলৰ বাবে সুখবৰ

329

ভাৰতীয় পৰ্যটক সকলৰ বাবে সুখবৰ ৷
ইণ্ডো-ভূটান ফ্ৰেণ্ডছশ্বীপ এছ’চিয়েছনৰ উদ্যোগত আজি চুবুৰীয়া ড্ৰাগণৰ দেশ ভূটানলৈ প্ৰবেশৰ বাবে ওদালগুৰি জিলাৰ চামৰাং প্ৰবেশ দ্বাৰ মুকলি কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷
ভাৰতীয় নাগৰিকে বিনামূলীয়াকৈ ভোটাৰ পৰিচয় পত্ৰ বা আধাৰ কাৰ্ড প্ৰদৰ্শন কৰি ভূটানত চামৰাং পথেৰে প্ৰবেশ কৰাৰ সুযোগ লাভ কৰিব ৷
শাৰদীয় দূৰ্গা পূজাৰ প্ৰাক্ মূহুর্তত দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উপৰি পৰ্যটন উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক দিশ সৱল কৰাৰ লক্ষ্যৰে ওদালগুৰি জিলাৰ চামৰাঙত থকা ভূটানৰ প্ৰবেশ দ্বাৰখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
দুয়োখন দেশৰ প্ৰতিনিধিক সম্বোধন কৰি দিয়া ভাষণত এই চামৰাং প্ৰবেশ পথ মুকলিৰ জৰিয়তে দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ উপৰি দুয়োখন দেশৰ নাগৰিকৰ মাজত পূৰ্বৰ কুৰ্মা লাগা সম্পৰ্কই প্ৰাণ পাই উঠিব বুলি আশা প্ৰকাশ কৰে ৷
ভূটানৰ ভাংটাৰ মহকুমাৰ মহকুমাধিপতি দাসৌ নাম্‌গী, চামৰাঙৰ জিমি সিংগী দুম্পা, ৰ’য়েল ভূটান আৰ্মীৰ লেফটেন্ট কাডৌ ভাংটি,
ইণ্ডো-ভূটান ফ্ৰেণ্ডছশ্বীপ এছ’চিয়েছনৰ সমন্বয়ক ক্ৰমে প্ৰগৱৰ শ্ৰং ডাৰ্গী আৰু ডেভিদ বড়ো, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ পেগু, বামুনজুলি ভিচিডিচিৰ অধ্যক্ষ দৰ্পণ শৰ্মাকে ধৰি অনুষ্ঠানত দুয়োখন দেশৰ চৰকাৰী প্ৰতিনিধি উপস্থিত থাকে ৷