ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বৃহৎ সফলতা

40

ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সতৰ্কতা অৱম্বন কৰি ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰিবলৈ সক্ষম হৈছে । ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সতৰ্কতা অৱম্বন কৰি ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন জাহাজে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ ওচৰত নিয়মীয়াকৈ টহল দি আছিল। এই সময়তে ভাৰতীয় সামুদ্ৰিক অঞ্চলত সন্দেহজনক কাৰ্যকলাপৰ তথ্য লাভ কৰে । এই তথ্য লাভ কৰাৰ পাছতে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।এই জাহাজ দুখন জব্দ কৰাৰ লগতে ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।খবৰ অনুসৰি, এখন জাহাজত ৪১ জন মাছমৰীয়া থকাৰ বিপৰীতে আনখনত ৩৭ জন বাংলাদেশী মাছমৰীয়া আছিল । অবৈধভাৱে ভাৰতৰ জলসীমাৰ ভিতৰত মাছ ধৰাৰ অপৰাধত মুঠ ৭৮জন বাংলাদেশী মাছমৰীয়াক আটক কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।