চীনত দ্ৰুতগতিত বিয়পি পৰা এই ভাইৰাছটোৱে ভাৰততো শিপা বিয়পোৱা আৰম্ভ কৰিছে। এতিয়ালৈকে ভাৰতত এই ভাইৰাছৰ বহুতো ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতে HMPVত সংক্ৰমিত এগৰাকী মহিলাৰ মৃত্যু হয়। কেইদিনমান আগতে মহিলাগৰাকীৰ দেহত ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল।ঘটনা উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ। মহিলাগৰাকীৰ HMPVৰ প্ৰথম পৰীক্ষা চৰক ডায়গনষ্টিকছত কৰোৱা হৈছিল। য’ত তেওঁক যি HMPV পজিটিভ বুলি পোৱা গৈছিল। তাৰ পিছত মহিলাগৰাকীক বলৰামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বলৰামপুৰ চিকিৎসালয়ৰ পৰা মহিলাগৰাকীৰ পৰীক্ষাৰ নমুনা কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিলৈ প্ৰেৰণ কৰা হৈছিল। তাত পৰীক্ষাৰ প্ৰথম প্ৰতিবেদন ৰিপৰ্ট পজিটিভ আহিছিল।পাছত ২৪ ঘণ্টাৰ ভিতৰত নমুনাটো দ্বিতীয়বাৰৰ বাবে প্ৰেৰণ কৰা হৈছিল। য’ত HMPV নিগেটিভ আহিছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে বৃদ্ধা মহিলা আশা শৰ্মাৰ মৃত্যু হয়।