ভাৰতত ৭৮,১৪,৬৮২ জনলৈ বৃদ্ধি কোৰোনা আক্ৰান্তৰ সংখ্যা

57

ডিজিটেল ডেস্কঃ ভাৰতত যোৱা ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈছে ৫৩,৩৭০ জন। ইয়াৰ পিছতে ভাৰতত মুঠ কোৰোনা আক্ৰান্তৰ সংখ্যা ৭৮,১৪,৬৮২ জনলৈ বৃদ্ধি পাইছে। ইফালে শুকুৰবাৰৰ দিনটোত দেশত নতুনকৈ মৃত্যু ঘটিছে ৬৫০ জনৰ। দেশত বৰ্তমানলৈকে কোৰোনাত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১,১৭,৯৫৬ জন।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যানুসৰি, শুকুৰবাৰৰ দিনটোত ভাৰতত ৬৭,৫৪৯ জন কোৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ইয়াৰ লগে লগে দেশত কোৰোনাক পৰাজিত কৰি সুস্থ হোৱা লোকৰ সংখ্যা ৭০,১৬,০৪৬ জনলৈ বৃদ্ধি পাইছে।