ভাৰতত প্ৰস্তুত হৈ থকা এটা কোৰোনা ভেকচিন ট্ৰায়েলৰ অন্তিম পৰ্যায়ত…

79

নতুন দিল্লীঃ দেশত বৃদ্ধি পোৱা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে এক সুখবৰ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। মঙলবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে, ভাৰতত প্ৰস্তুত হৈ থকা ৩টা কোৰোনা ভেকচিনৰ ভিতৰত অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ভেকচিনটো কাইলৈ বা পৰহিৰ ভিতৰত ট্ৰায়েলৰ চূড়ান্ত পৰ্যায়ত উপনীত হ’ব।

কোৰোনা ভেকচিন সন্দৰ্ভত নীতি আয়োগৰ সদস্য ডা০ বি কে পালে কয়, ‘ভাৰতত তিনিটাকৈ কোৰোনা ভেকচিন প্ৰস্তুতৰ কাম চলি আছে আৰু বিভিন্ন পৰ্যায়ত সম্পৰীক্ষা চলাই থকা হৈছে। ইয়াৰে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ভেকচিনটো কাইলৈ বা পৰহিৰ ভিতৰত ট্ৰায়েলৰ চূড়ান্ত পৰ্যায়ত উপনীত হ’ব। আমি সঠিক দিশেৰে আগবাঢ়িছো। অনতিপলমে ভেকচিনৰ চাপ্লাইও আৰম্ভ কৰা হ’ব।’

ইফালে ভাৰতত এতিয়ালৈকে ৩ কোটিৰো অধিক কোভিড টেষ্ট সম্পন্ন কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰণালয়ে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মঙলবাৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত লাখৰো অধিক টেষ্ট সম্পন্ন কৰা হৈছে। ভাৰতত মৃত্যুৰ হাৰ বৰ্তমান ২ শতাংশৰো তললৈ হ্ৰাস পাইছে।