ভাৰতত পুুনৰ ৪১ হাজাৰ কোভিড পজিটিভ, ৫৮১ জনৰ মৃত্যু

68

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে কোভিড পৰিস্থিতি। বিগত দুটা সপ্তাহৰ ভিতৰত ভাৰতত কোভিড সংক্ৰমণৰ হ্ৰাস পোৱাৰ পিছতে কেইবাখনো ৰাজ্যত ইতিমধ্যে সান্ধ্য আইন শিথিল কৰা হৈছে। অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজ্য সমুহত এতিয়াও অব্যাহত আছে কোৰোনাৰ ত্ৰাস। বিশেষকৈ কোৰোনাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পিছত উদ্বেগ বৃদ্ধি পাইছে কেৰালা, তামিলনাডু আদি ৰাজ্যত।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যানুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৪১,৮০৬ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত মৃত্যু ঘটে ৫৮১ জন ৰোগীৰ। ইফালে বিগত ২৪ ঘণ্টাত দেশত ৩৯,১৩০ জন কোভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ভাৰতত কোভিডৰ আৰোগ্য হাৰ বৰ্তমান ৯৭.২৮ শতাংশলৈ বৃদ্ধি পাইছে।