ভাৰতত পুনৰ ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি, যোৱা ২৪ ঘণ্টাত পুনৰ আক্ৰান্ত ৪৬,৯৫১ জন

62

ভাৰতত পুনৰ ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি। কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ভাৰতত বৃদ্ধি পাই হৈছেগৈ ১ কোটি, ১৬ লাখ, ৪৬হাজাৰ ৮১ জন। যোৱা ২৪ ঘণ্টাত পুনৰ আক্ৰান্ত হৈছে ৪৬,৯৫১ জন। আনহাতে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ১ লাখ ৫৯ হাজাৰ ৯৬৭ জনলৈ। যোৱা ২৪ ঘণ্টাত পুনৰ ২১২ জন লোক কোৰোনা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, ভাৰতত পুনৰ সন্ত্ৰাস সৃষ্টি কৰিছে কোৰোনাই। বিগত বৰ্ষৰ নৱেম্বৰৰ পিছত পুনৰ সৰ্বাধিক আক্ৰান্ত হৈছে দেওবাৰৰ দিনটোত। কোৰোনা সংক্ৰমণ ৰোধৰ বাবে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ভাৰতত সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৩০ হাজাৰৰো অধিক লোক এই ভাইৰাছৰ সংক্ৰমণৰ বলি হৈছে। ভাইৰাছ প্ৰতিৰোধৰ বাবে বাছ আস্থান, ৰেল ষ্টেছন সকলোতে এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।