কোৰোনাৰ তৃতীয় সংক্ৰমণ আৰু ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণে পুনৰ আতংকৰ সৃষ্টি কৰিছে ভাৰতত। মহাৰাষ্ট্ৰত ডেল্টা ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণে চিন্তাত পেলাইছে চৰকাৰক। ৰাজ্যখনত বৰ্তমানলৈকে ৬৬ জন লোক কোৰোনাৰ এই নতুন প্ৰকাৰত আক্ৰান্ত হোৱাৰ বিপৰীতে ইতিমধ্যে ৫ গৰাকীকৈ লোক মৃত্যুমুখত পৰিছে।
মহাৰাষ্ট্ৰত ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত পুনৰ লকডাউন জাৰি কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
ইফালে ভাৰতত কোভিড সংক্ৰমণৰ হাৰ বিগত এটা সপ্তাহত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল যদিও পুনৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩৮,৬৬৭ জন লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত দুই শতাধিক জনৰ মৃত্যু ঘটে। বৰ্তমান অৱশ্যে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।