ভাৰতত কূটাঘাতৰ ষড়যন্ত্ৰ! অল কায়দাৰ ৯ সদস্যক গ্ৰেপ্তাৰ NIAৰ

50

ডিজিটেল ডেস্কঃ ভাৰতত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যৰে প্ৰস্তুতি চলোৱা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰে জড়িত ৯ জনক শনিবাৰে পুৱা এক অভিযান কালত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এনআইএয়ে। এনআইয়ে পুৱা পশ্চিম আৰু কেৰালাত অভিযান চলাই পশ্চিম বংগৰ পৰা ৬ জন আৰু কেৰেলাৰ পৰা ৩ জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এই সন্ত্ৰাসবাদী কেইজনৰ পৰা এনআইএয়ে অল কায়দাৰ বিভিন্ন নথি পত্ৰ, দেশী আৰু বিদেশী মৰাণাস্ত্ৰ, বিভিন্ন আপত্তিজনক নথি, হস্ত নিৰ্মিত বন্দুক আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

এনআইএয়ে জানিবলৈ দিয়া মতে, অল কায়দাই ভাৰতত কূটাঘাত সংঘটিত কৰাৰ প্ৰস্তুতি চলোৱা সম্পৰ্কে গোপন খবৰ লাভ কৰাৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে পশ্চিম বংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্ণাকুলামৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিল। এই অভিযানকালত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী কেইজনৰ নাম ক্ৰমে- মুৰ্ছিদ হাছান, য়াকুল বিশ্বাস, মৰ্ছাক হুছেইন , নজমুছ চাকিব, আবু ছুফিয়ান, ময়নুল মণ্ডল, লিয়ু য়ীন আহমেদ, অল মামুন কামাল আৰু অতিতুৰ ৰহমান বুলি জানিব পৰা গৈছে।