ভাৰতত অবৈধ অনুপ্ৰবেশকাৰীৰ তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত

455

কেন্দ্ৰই সোমবাৰে উচ্চতম ন্যায়ালয়ক জনায় যে যিহেতু অবৈধ অনুপ্ৰবেশকাৰী গোপনে ভাৰতত প্ৰৱেশ কৰে, সেয়েহে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা এনে অবৈধ অনপ্ৰবেশকাৰীৰ সঠিক তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয়। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই কয় যে ২০১৭ ৰ পৰা ২০২২ চনৰ ভিতৰত মুঠ ১৪,৩৪৬ জন বিদেশীক অতিৰিক্ত সময় ৰখা, ভিছা উলংঘন, অবৈধ প্ৰৱেশ আদিৰ কাৰণত বিতাড়িত কৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে অসম চুক্তি স্বাক্ষৰ কৰাৰ পিছত নাগৰিকত্ব আইন, ১৯৫৫ত যোগ দিয়া ধাৰা ৬এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা এক সংগঠনৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি আছিল। অসমৰ কিছুমান সংগঠনে এই ব্যৱস্থাক প্ৰত্যাহ্বান জনাই কৈছে যে ই বাংলাদেশৰ পৰা অবৈধভাৱে বিদেশী প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশক বৈধতা প্ৰদান কৰে। মঙলবাৰে, উচ্চতম ন্যায়ালয়ে এই বিষয়ত নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। এক প্ৰতিবেদন অনুসৰি, চিজেআই ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সংবিধান বিচাৰপীঠে ৰায় টো সংৰক্ষণ কৰাৰ আগতে চাৰি দিনৰ বাবে গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল।